- AJOY LAL DUTTA

Definition List

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
Share This
ৰাতিৰ মুম্বাই আৰু পুলিচ
-------------------------
(১)
তেতিয়া ৰাতি এঘাৰ মান বাজিছে। মুম্বাইৰ গোৰেগাঁও লোকেল ট্ৰেইনৰ ৰেলৱে ষ্টেচনত এফালৰ পৰা আহি নামিছোহি। ইমান ৰাতি অকলে আমাৰ পল্টন বজাৰৰ ৰেলৱে ষ্টেচনতে নমাটো এটা সুৰক্ষাজনিত প্ৰশ্ন যেনেই লাগে। কিন্তু মুম্বাইত ৰাতিও তেনে সমস্যা অনুভৱ নহয়। লোকেল ট্ৰেইনত মহিলাৰ বাবে বেলেগ ডবা, পুৰুষ মহিলা সকলো যাব পৰাকৈ বেলেগ ডবা আৰু শাৰিৰীক ভাৱে বাধাগ্ৰস্ত সকলৰ বাবেও বেলেগ ডবাৰ ব্যৱস্থা আছে। মুম্বাই পুলিচৰ অধীনত পুলিচৰ প্ৰশাসনৰ উপস্থিতিও মানুহে অনুভৱ কৰে। কোনো অপৰাধজনিত ঘটনা হলে তাৰ পাছত মুম্বাই মিৰৰ, মিড-ডেৰ দৰে কাকতে বৰ বৰ হৰফেৰে প্ৰকাশ কৰে আৰু সেই ঘটনাৰ অনুসৰণ কৰি কোনটো কেচৰ কি স্থিতি, কি ঘটি আছে, পুলিচে কি স্থিতি ললে, কাক গ্ৰেপ্তাৰ কৰিলে আদি প্ৰকাশ কৰিবলৈ নেৰে। সাংবাদিকৰ এনে ধাৰাবাহিক প্ৰতিবেদনেও অপৰাধীক কৰায়ত্ত নকৰা পৰ্যন্ত হেঁচাৰ সৃষ্টি কৰি ৰাখে বুলি অনুভৱ কৰো। মুম্বাইত পুলিচৰ কাষলৈ গৈ কিবা সুধিবলৈ বা থানাত গৈ অভিযোগ দিবলৈকো তুলনামূলক ভাৱে মানুহে সহজবোধ কৰে। তুলনামূলক ভাৱে দিল্লী বা কেন্দ্ৰীয় ৰাজধানী অঞ্চলৰ নইডা, গুৰগাঁও আদিকে ধৰি থানাৰ অভিযোগ নিলিখা তথা অভিযোগ দিবলৈ যোৱা সকলৰ প্ৰতি অনাকাংখিত অতিথিৰ আপ্যায়নৰ বিপৰীতে মু্ম্বাই পুলিচৰ থানালৈ যাবলৈ ভাল। নীতি নিয়ম আৰু শৃংখলাবদ্ধতাৰ উপস্থিতি অনুভৱ কৰিব পাৰি। ৰাকেশ মাৰিয়া পুলিচ কমিছনাৰ থকাৰ সময়ৰ পৰা নাৰীজনিত ঘটনাক আৰু সহজে অভিযোগ দিব পৰাকৈ ব্যৱস্থা কৰাৰ ইতিবাচক খবৰো প্ৰকাশ পাইছিল। আনকি থানাত নিৰ্যাতিতৰ ভাষ্য লোৱাৰ সলনি ঘৰলৈ গৈ পুলিচ বিভাগে ভাষ্য লোৱাৰ ব্যৱস্থাৰ কথাও পঢ়িবলৈ পাইছিলো। যিবোৰ কথা আৰু নিয়মৰ পৰা আমি ভাবো দেশৰ আন পুলিচ বিভাগবোৰে শিকিবলৈ যথেষ্ট আছে!

বেলেগ ডবাৰ উপৰিও কৰ্মস্থলীলৈ অহা-যোৱাৰ পিক-আৱাৰচত কেৱল মহিলাৰ বিশেষ লোকেল ট্ৰেইনো চলে। সেয়ে ধনী দুখীয়া বুলি কথা নাই বেছি ভাগ লোকেই সহজ আৰু সুলভ দৰত মাহেকীয়া পাছ লৈ শিক্ষা গ্ৰহণ বা কৰ্মস্থলীলৈ মুম্বাইত অহা যোৱা কৰে। নিৰাপত্তাজনিত কাৰণতে দিল্লী মেট্ৰৰ শেষ সময় ১১বজাৰ বিপৰীতে, মুম্বাইৰ লোকেল ট্ৰেইনৰ লাষ্ট্ লোকেল ৰাতি ১-৪০ত থাকে। পুনৰ চাৰি বজাৰ পৰা লোকেল ট্ৰেইন দৌৰে। কিন্তু নাৰীজনিত অপৰাধৰ সংখ্যা শূণ্য নহলেও, কম, আৰু পুলিচ অপৰাধী কৰায়ত্ত কৰাৰ বাতৰি অতি সুলভ! সেইবাবেই মাজৰাতিও মুম্বাইত নাৰী সকলে পুৰুষৰ সমানেই ৰাজহুৱা পৰিবহনত ভ্ৰমণ কৰিবলৈ অসুবিধাবোধ নকৰে। আৰু বহুতো বহুজাতিক কোম্পানীৰ অফিচবোৰো বিদেশৰ সময়ৰ সৈতে মিলাই আবেলিৰ পৰা ৰাতি বাৰটা এটালৈ চলাও দেখা যায়। নিৰাপত্তাজনিত সুৰক্ষিত অনুভৱৰ বাবে নাৰীয়েও সমানে এনে কোম্পানীত কৰ্মৰত হোৱাটো ইয়াত সুগম হৈছে। ৰাতি হোৱাৰ লগে লগে মুম্বাই আৰক্ষীও ক্ৰমাত বেছি সষ্টম হোৱাটোও ইয়াৰ চাগৈ অন্যতম কাৰণ!

(২)

No comments:

Post a Comment

Pages