প্ৰৱন্ধ - AJOY LAL DUTTA

Definition List

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল


নিয়মীয়া বাৰ্তাৰ বাবে প্ৰৱন্ধঃ প্ৰসংগ ৰাখী বন্ধন
ৰাখী বন্ধন, দেশক গৌৰৱী কৰা ভগ্নীসকল
আৰু ৰাষ্ট্ৰীয় সংহতি
অজয় লাল দত্ত
(১)
ৰাখী পূৰ্ণিমাৰাখীবন্ধনৰ পবিত্ৰ উৎসৱৰ দিন। ভাতৃ আৰু ভগ্নীৰ মাজৰ স্নেহৰ বন্ধন ৰূপে এই ৰাখীবন্ধনৰ পৰম্পৰাক চিহ্নিত কৰা হয়। ৰাখীবন্ধনৰ এই ৰীতি সম্বন্ধীয়, দূৰ-সম্বন্ধীয় তথা তেজৰ সম্পৰ্ক ৰহিত ভাতৃ বা ভগ্নীৰ মাজত স্নেহৰ এনাজৰী ৰূপেও অতিশয় জনপ্ৰিয়। এই উৎসৱ হিন্দু সকলৰ উপৰিও কিছু শিখ ধৰ্মালম্বী আৰু জৈন লোকেও পালন কৰে।


ঐতিহাসিক ভাৱে অতি পুৰণি এই ৰীতিৰে ৰাজপুত ৰাণী সকলে প্ৰতিবেশী শাসক সকললৈ সম্প্ৰীতি তথা সদ্ভাৱ ৰক্ষাৰ বাণীৰে ৰাখী পঠিওৱা পৰম্পৰাৰ কথাও ইতিহাসৰ পাতত পোৱা যায়। ভাৰত, মৰিচাচ, নেপাল, পাকিস্তান আদিত মূলতে পালিত উৎসৱটো বৰ্তমান গোলকীকৰণে বিশ্বব্যাপি কৰি তুলিছে। ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক কাৰণবোৰ অনুধাৱন কৰিয়ে নতুন যুগৰ কৰ্পৰেট সংস্কৃতিয়েও এতিয়া ৰাখী বন্ধনক পৃষ্ঠপোষকতা কৰা দেখা গৈছে। এই উৎসৱৰ সৈতে জড়িত উপহাৰ, ৰাখী আদি ক্ৰয়-বিক্ৰয়ৰ বজাৰখনৰ বাবেও ব্যৱসায়িক ভাৱে এই উৎসৱক সকলো মেডিয়া, ব্যৱসায় প্ৰতিষ্ঠান আদিয়ে আকৰ্ষণীয় কৰাত হাত উজান দিছে।



সংস্কৃতি মূলীয় শব্দ ৰাখীৰ অৰ্থ হৈছে "সুৰক্ষা নিশ্চিতকৰণৰ বাবে বান্ধোন"। ভগ্নী সকলে ভাতৃৰ হাতত ৰাখী বান্ধি যি কোনো বিপদৰ পৰা ভাতৃয়ে সুৰক্ষা প্ৰদান কৰাৰ নিশ্চিতি বিচাৰে বা আশা কৰে। সেই পৰম্পৰাৰ সৈতে সংগতি ৰাখি আজিকালি সমাজৰ সুৰক্ষাৰ দ্বায়িত্বত থকা পুলিচ, ট্ৰেফিক, সীমান্তত পহৰাদাৰ জোৱান আদিকো দেশৰ ভগ্নীসকলে ৰাখী পিন্ধোৱাৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। আনকি দূৰ-দূৰণিত থকা ভাতৃ-ভগ্নীয়ে ডাক-যোগেও এনে ৰাখী বা প্ৰতি-উপহাৰ প্ৰেৰণ কৰি ভাতৃ-ভগ্নীৰ পৰস্পৰৰ কুশল মংগল কামনা কৰে। আৰু সেই সম্পৰ্কৰ মৰ্যদা আৰু প্ৰতিদানৰ বাবে প্ৰতিশ্ৰুতি বদ্ধ হয়।

(২)

ইফালে বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰে হিন্দু-মুছলিমৰ মাজত সাম্প্ৰদায়িক সম্প্ৰীতিৰ বান্ধোন ৰূপে ৰাখী বন্ধনক ভাতৃত্ববোধৰ পৰিচায়ক ৰূপে ব্যৱহাৰ কৰাৰ কথা পঢ়িবলৈ পোৱা যায়। পিছে ৰবীন্দ্ৰনাথ ঠাকুৰ ৰাখীবন্ধন ভিত্তিক সম্প্ৰীতিৰ বাণীৰে এক বেংগলৰ পোষকতা কৰা এই পদক্ষেপত বিফল হৈছিল।



যি কি নহওক, এক প্ৰীতি, সম্প্ৰীতি, পাৰস্পৰিক কুশল কামনা তথা সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰ আদান প্ৰদানেৰে সামাজিক দিশত ৰাখী বন্ধনৰ বিশেষ গুৰুত্ব আছে। আজিৰ তাৰিখত ৰাখী বন্ধনৰ পবিত্ৰ ক্ষণত এই পৰম্পৰাক ৰাষ্ট্ৰীয় সংহতিৰ ক্ষেত্ৰত প্ৰমোট কৰাৰ অতীৱ প্ৰয়োজন অনুভৱ কৰিছো। ক্ষুদ্ৰ গণ্ডীৰ ভিতৰতে ৰাখী বন্ধনৰ অনুভৱক সামৰিব নুখুজি ভাতৃত্ববোধেৰে দেশৰ বিভিন্ন স্থানৰ লোকৰ মাজত সম্প্ৰীতিৰ এনাজৰী গঢ়িব নোৱাৰিনে? ৰাখী বন্ধন এনে এক শুভ আৰম্ভণিৰ দিন হব নোৱাৰেনে!



ঐতিহাসিক ভাৱে চিত্তোৰৰ ৰাণী কৰ্ণাৱতীয়ে সম্ৰাট হুমায়ুনলৈ ৰাখী পঠাই সুৰক্ষাৰ নিশ্চিতি বিচাৰিছিল। চুলতান অৱ গুজৰাটৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে সেই ৰাখী গ্ৰহণ কৰিয়ে হুমায়ুনে ততালিকে সেনা পঠাই দি চিত্তোৰক ৰক্ষা কৰিছিল। সেই ঘটনাইও এক ৰাষ্ট্ৰব্যাপী ভাতৃত্ব বোধৰেই আৰু অৱলা ভগ্নীৰ সুৰক্ষাৰ ইতিহাসকেই প্ৰকট নকৰেনে। ভাতৃত্ববোধ শব্দটোৰ বিশালতাকেই এই ঐতিহাসিক ঘটনাই নিশ্চয়কৈ উজ্বলাই তুলিছে।

(৩)

আধুনিক যুগ সভ্যতাৰ লগত জীৱন ধাৰাৰ চকুত পৰাকৈ পৰিবৰ্তন হৈছে। সাংস্কৃতিক উপাদান, জীৱন যাত্ৰাৰ ধৰণ, সাজ-পোচাক, খাদ্য বস্তু, অভ্যাস আদিৰ সালসলনি ঘটিছে। এতিয়া আমি পাৰম্পৰিক ৰাখীবন্ধনৰ সৈতে আমাৰ ভগ্নী সকলৰ ব্যক্তিগত স্বাভিমান আৰু নতুন যুগৰ মুকলি জীৱন ধাৰাকো আদৰি লবলৈ শিকিব লাগিব। ছ'চিয়েল মেডিয়াৰ যুগত ভগ্নীৰ বন্ধুত্ব, সম্পৰ্ক আদিৰ অধিকাৰ তথা স্থিতিকো আমি সহানুভূতিশীল ভাৱে সন্মান কৰিবলৈ শিকিব লাগিব। 

তাৰ বিপৰীতে এতিয়াও দেশৰ ভিতৰতে ঘৰৰ সন্মান ৰক্ষাৰ বাবে "অনাৰ কিলিং" কৰিবলৈকো উদ্যত এজাক অতি বেছি স্পৰ্শকাতৰ ভাতৃৰ হাতত ভগ্নী সকলৰ ব্যক্তিগত আশা-আকাংক্ষা ধূলিসাৎ হৈ অহাতো অতিশয় উদ্বিগ্ন হব লগা কথাই। ভাতৃত্বৰ মুখাৰে ৰাখী বন্ধনৰ সুযোগতে সম্পৰ্ক গঢ়ি নিজৰ আন ভাৱনা চৰিতাৰ্থ কৰিব খোজা এচাম ধুৰন্ধৰ ভাতৃৰূপীলোককো নাৰী সমাজে প্ৰতিহত কৰিব লাগিব।



আনফালে ভাতৃসকলক লোক-লজ্বাত নেপেলাবলৈকো ভগ্নী সকলো সচেতন হব লাগিব। তাৰ বাবে আচাৰ-ব্যৱহাৰ, পোছাক-পৰিচ্ছদ, জীৱনশৈলীত লব লগা সাৱধানতা অৱলম্বন কৰিব লাগিব। আধুনিক সময়ৰ লগতে চলি থকা কলি যুগলৈ লক্ষ্য কৰিও বিপদ মাতি আনিব পৰা যিকোনো ঘটনাৰ লগত জড়িত হোৱাৰ পৰা কেনেকৈ নিজক বাৰণ কৰিব পাৰি তাৰ প্ৰতিও ভগ্নীসকল সচেতন হব লাগিব। বৰ্ধিত নাৰীৰ ওপৰত নিৰ্যাতনৰ ঘটনাক লৈ সজোৰে প্ৰতিবাদ কৰা, উপযুক্ত প্ৰশাসনক ততালিকে খবৰ দিয়া আদি বিষয়তো তেওঁলোক সজাগ হব লাগিব। নিয়ন্ত্ৰিত জীৱনশৈলী তথা সাৱধানী দৃষ্টিৰে চৌপাশক সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা, ক্ষণিক বা দীৰ্ঘদিনত হব পৰা সাম্ভাব্য বিপদৰ পৰা সাৱধান হবলৈ শিকিলে এনে বহু দুৰ্ঘটনা এৰাই চলিব নিশ্চয়কৈ যাব।



বন্ধুত্ব, সম্পৰ্ক আদিৰ ক্ষেত্ৰত পাৰিলে ভাতৃ সকলৰ সৈতে আলোচনা কৰিব পৰাৰ পৰিবেশ ঘৰ এখনত থাকিলে ভাল। কাৰণ ল'ৰা হিচাবে আনে ভগ্নীৰ ক্ষতি কৰিব পৰা সম্ভাৱনাৰ পৰা ভাতৃজন তুলনামূলকভাৱে বেছি সজাগ! কোনো বিপদৰ উমান পালে আগতীয়াকৈ অভিভাৱক তথা ভাতৃৰ সৈতে কৰা আলোচনাই ভগ্নীসকলক প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰিব পাৰে। এই ক্ষেত্ৰত ভগ্নীসকলে ভাতৃ আৰু অভিভাৱকেই যে তেওঁলোকৰ নিস্বাৰ্থ শুভাকাংখী সেই কথা অনুধাৱন কৰিব পাৰিব লাগিব। এনে সৰল সম্পৰ্ক বা পৰিবেশ বেছি ভাগ পৰিয়ালতে নাথাকে। সেয়ে জটিল পৰিস্থিতিত ভাতৃ-ভগ্নীৰ স্পৰ্শকাতৰ প্ৰতিক্ৰিয়া তথা দ্বায়িত্বও আজিৰ দিনটোত আলোচনা হোৱা উচিত।

(৪)

ৰাষ্ট্ৰীয় সংহতিত ৰাখী বন্ধনৰ পৰম্পৰাক সু-ব্যৱহাৰ কৰাৰ এটা উজ্জ্বল বিকল্প আমাৰ হাতত আছে। এতিয়াও ভাৰতীয় মূল ভূখণ্ডৰ মূল নিবাসী ৰূপে নিজকে চিহ্নিত কৰি উফণ্ডি থকা এচাম নাগৰিকৰ মন-মগজুত দেশৰ বাকী অংশ তথা সীমান্তৰ লোক সকলৰ সৈতে সৌদাৰ্যপূৰ্ণ সম্পৰ্ক গঢ়াৰ ক্ষেত্ৰত ই এক পাৰম্পৰিক অথচ সফল উপায় ৰূপে পৰিগণিত হব পাৰে। বিশেষকৈ উত্তৰ-পূৱৰ ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে দেশৰ আন-প্ৰান্তৰ শিক্ষাৰ্থী তথা স্থানীয় লোকৰ মাজত সৌদাৰ্যপূৰ্ণ সম্পৰ্ক বৃদ্ধিত ই এক নিৰ্ণায়ক ভূমিকা নিশ্চয়কৈ লবই পাৰে।



এম চি মেৰী কম, চঞ্জিতা সানু খুমুকসান, মীৰাবাই সানু চাইখম আদি উত্তৰ-পূৱৰ অথচ এই দেশৰে নাম উজ্বলাই তোলা তথা অতিশয় গৌৰৱ কৰিব লগা ভগ্নী সেই কথাও ৰাখী বন্ধনৰ তাৰিখত প্ৰচাৰ কৰাটো প্ৰয়োজন। এওঁলোকেও গোটেই দেশৰে ভগ্নীসুলভ প্ৰীতি পাবৰ নিশ্চয়কৈ যোগ্য। একেদৰেই কমনৱেলথ গেমচত সোণৰ পদেকেৰে গৌৰৱ কঢ়িওৱা দীপিকা পালিক্কল, জৌশানা চিন্নাপ্পা, ৰাহী চৰনোৱত, অপূৰ্বী চাণ্ডেলা, ভাৰতৰ শিৰ সদায়েই উচ্চ কৰি ৰখা দীপিকা কুমাৰী, চানিয়া মিৰ্জা, চাইনা নেহৱাল, পি ভি সান্ধু আদিও দেশৰ সকলো প্ৰান্তৰ ভাতৃসকলে মৰম আৰু শ্ৰদ্ধা কৰিব লগা, আমাক গৌৰৱী কৰি তোলা ভগ্নী নহয় জানো।



এক ধৰ্মীয় গণ্ডীৰ ভিতৰতে ৰাখীবন্ধন সীমাবদ্ধ নাথাকক। ভাতৃত্ববোধৰ এক বিশাল অৰ্থত আৰু ৰাষ্ট্ৰজোৰা এক সংহতিময় দিশত এই উৎসৱ অনাগত দিনবোৰত পালিত হওক। দিল্লীকে ধৰি প্ৰথমে মহানগৰ সমূহত উত্তৰ-পূৱ মূলৰ জাতীয় আইকন স্বৰূপ খেলুৱৈ, শিল্পী, সাংবাদিক, বিশিষ্ট ব্যক্তি সকলক লৈ ড'নাৰ মন্ত্ৰালয়, গৃহ মন্ত্ৰালয়, উত্তৰ-পূৱ ফেষ্টিভেল, অসম এচোচিয়েচন সমূহৰ উদ্যোগত এনে সামূহিক ৰাখী বন্ধন কাৰ্যসূচী পালন কৰা হওক। যাতে এই উৎসৱতে সকলো প্ৰান্তৰ ভাৰতীয় লোকৰ মাজত ভাতৃত্ব আৰু ভগ্নীসুলভ প্ৰীতিৰ উজান উঠে আৰু সম্প্ৰীতি তথা ৰাষ্ট্ৰীয় সংহতিৰ দৰে উচ্চ আদৰ্শও উজ্বলি উঠাত সহায়ক হয়।
-------------------------------------------------------------------
লেখক সামুদ্ৰিক উপাদন নিয়ন্ত্ৰণ কক্ষ, অএনজিচি, মুম্বাইত কাৰ্যবাহী অভিযন্তা(উপাদন) ৰূপে কৰ্মৰত আৰু অনলাইন দৈনিক অসমীয়াৰ সুখ-দুখ www.xukhdukh.comৰ প্ৰতিষ্ঠাপক সম্পাদক। ই-মেইলঃ tolalinc@gmail.com, মোবাইলঃ 9969221381, ডাক ঠিকনাঃ AJOY LAL DUTTA, Flat No. A77/101, ONGC Colony, Gokuldham, Goregaon East, Mumbai-400063.

No comments:

Post a Comment

Pages