গৌৰৱ
শৈশৱৰ কথা। কান সমনীয়া দুজনৰ কথা। ঘৰ দুয়োটাৰে সমুখা-সমুখি। মাজত বাটটো। কেঁচা বাট, বাৰিষা বোকা, শীতকালি আলতীয়া মাটিৰ পকা কৰা হেন কঠিন। তাত মাৰ্বল খেলিবও পাৰি, খালী এটাই সমস্যা ওপৰৰ পৰা ঠাণ্ডা দিনত সৰিবলৈ ধৰা পাতবোৰ।এজন থলুৱা, মানে দেউতাক বা ককাক সকলৰো প্ৰৱজনৰ ইতিহাস নাই। মানে আগতে লিখা-পঢ়া নাছিলতো, বুৰঞ্জীখননো কোনো লিখিব সাধাৰণ গঞা মানুহৰ। সিজনৰ দেউতাক শিক্ষকতাৰ চাকৰি সূত্ৰে মফচলীয় মহকুমা সদৰলৈ বিশ কিলমিটাৰ দূৰৈৰ গাঁৱৰ পৰা উঠি আহি ঘৰ কৰা! থলুৱাকনৰ ভাষাত সিহঁতৰ গাঁৱত 'বিদেশী'য়েই! বিদেশীবোলাজনো আকৌ আহোমহে দেই, তাকো ৰাজকোঁৱৰ লিখা! সত্যনাথ বৰাই লিখিছিল, গৌৰৱ তুলনাৰ পৰা ওপজে, থলুৱাকনৰ তাতেই গৌৰৱ, নিজা গাঁও, নিজা মাটি, সিয়েই অভিভাৱক, বাকীবোৰ পমুৱাৰ সতি-সন্ততিৰ আগত। স-গৌৰৱে!
থলুৱাকনৰ বাৰীৰ ঢাপত ওখ ওখ শিলিখা গছ। ককাকেই ৰোৱা হব চাগৈ। এতিয়া তাৰেই তলসৰা পাত আৰু শিলিখাই ভৰি থাকে পদূলিৰ কাষ। ৰাতিপুৱাই উঠি দৌৰা দৌৰিকৈ ওচৰ চুবুৰীয়াৰ কনমানিবোৰৰো সেই শিলিখা বুটলাৰ অভ্যাস! শিলিখা খাই পানী খালে, পানী মিঠা হৈ উঠাৰ আমেজকনেইতো সেই সময়ৰ অনাবিল আনন্দ! থলুৱাকনৰ তাতে খঙ। বোলে আমাৰ বাৰীৰ শিলিখা, ৰাস্তাত সৰিলেও নুবুটলিবি! সি কেটেপা সাজি লয়, সৰি গেলি যাওক, বুটলি খাবলৈ নিদিম। দেখা পালে কেটেপা মাৰেও দেই! সেয়ে ৰাজহুৱা ৰাস্তাত সৰা শিলিখা বুটলিলেও থলুৱাকনক সুধি লোৱাটো নিয়ম! তাতেই তাৰ গৌৰৱ!
থলুৱাকন তাতেই থাকি গ'ল, শিলিখা ৰখি ৰখি। সমুখৰ ঘৰৰ তাৰ দৃষ্টিত বিদেশী ৰাজকোঁৱৰ ভালকৈ পঢ়ি শুনি ইঞ্জিনীয়াৰ হ'ল। কম্পিউটাৰৰ নেটৱৰ্কিংৰ মাষ্টাৰ হ'ল। বিদেশলৈকো গ'ল। তাত এতিয়া চলি থকা 'ফল ৱিনটাৰ'ৰ ফটো দি থাকে ছ'চিয়েল মেডিয়াত। কেতিয়াবা সোঁৱৰণি লিখে, সেই সৰাপাতৰ মাজত শিলিখা বোটলাৰ! থলুৱাকনৰ তাতেই গৌৰৱ, দেখিছ, তালৈ গৈও সি জানো ইয়াৰ কথা পাহৰিব পাৰিছে। তাত মহানগৰীত কেৱল আছে যান্ত্ৰিকতা, ক'ত আমাৰ দৰে তল সৰা তাজা ফল খাবলৈ পাব! ধুনীয়া ধুনীয়া ঘৰত অত্যাধুনিক জীৱন কটাবলৈ পালে কি ডাল হব, তাত জানো আচল চেনেহ-আত্মীয়তা পাব? বুলেট ট্ৰেইনত উঠিবলৈ পালে কি ডাল হব, আমি যিমান জোৰেৰে তামোলৰ ঢকুৱাত চোঁচৰাই নিছিলো, তাৰ আনন্দ জানো পাব! হয়, গৌৰৱ তুলনাৰ পৰা ওপজে। কেতিয়াবা গৌৰৱ কৰিবলৈ দিয়া এনে বাণীতো কিন্তু ৰিনি ৰিনিকৈ বাজি থাকে আত্ম-সান্তনাৰ সুৰহে!
সুন্দৰ প্ৰকাশ, অজয় ।
ReplyDeleteএজনৰ আত্ম তাড়না আৰু এজনৰ আত্ম সান্তনাৰ টনা আজোৰা