অনুভৱ - AJOY LAL DUTTA

Definition List

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
অনুভৱ

অনুভৱ

Share This
হৃদয়ে বিচাৰে কি?
কালি পুৱতি নিশালৈকে চিনেমা চালো। সেই চিনেমাখনৰ আটাইতকৈ ভাল লাগিল সুমধুৰ আৱহ সংগীতখিনি। সাধাৰণতে চিনেমা এখনৰ বিষয়ে লিখিবলৈ ললে মানুহে কাহিনী বা অভিনয়ৰ কথাহে লিখে বা আৰম্ভ কৰে। পিছে সঁচাই কানত যেন কুলু কুলু সুৰ সানিহে কাহিনীভাগ আগ বাঢ়িছিল চিনেমাখনৰ! অনুভৱ কৰিছিলো, বেকগ্ৰাউণ্ড স্ক'ৰে কিমান প্ৰভাৱ পেলাব পাৰে এখন ছবিত। বিশেষকৈ যেতিয়া মাজৰাতি ঘৰত চিনেমা এখন চাবলগীয়া হয়, হেডফোন লগাই চোৱা চিনেমাৰ বাবে এই উপাদানটো অতিশয় সুখকৰ। হয়, প্ৰতিখন হৃদয়ে নিজা স্পন্দনত ধপ ধপ কৰে, নিজাকৈ কিছু বিচাৰে জীৱনৰ পৰা। কিবা কৰিবলৈ, কিবা জিনিবলৈ সকলোৰে থাকে নিজা নিজা একোটা পচন্দ। এই ব্যক্তি স্বাধীনত্বাৰ সত্তাক মুক্তিৰ পথ দিয়াৰ বাৰ্তা লৈয়ে যেন এই অপৰূপ চিনেমাখন নিৰ্মাণ কৰি উলিয়াইছে নিৰ্মাতা তথা নিৰ্দেশিকাই।

'দিল ধৰকনে দৌ'ত এক ব্যতিক্ৰমী বিষয় উত্থাপন কৰিলে জয়া আখতাৰে। কাহিনীৰ তথা চিত্ৰনাট্যৰ বাবে জয়াৰ সৈতে কৃৰ্তিত্বৰ অংশীদাৰ আমাৰ অসমীয়া ৰীমা কাগতিও। কণ্যা সন্তানক সফলতা তথা প্ৰতিভাক হেয় চকুৰে চোৱা তথাকথিত ভাৰতীয় সংস্কাৰক ইমান সুন্দৰকৈ ফঁহিয়াই সমালোচনামূলক দৃষ্টিৰে তুলি ধৰাৰ বাবে নিৰ্মাতা সঁচাই ধন্যবাদৰ পাত্ৰ! ব্যৱসায়ীক জীৱনৰ প্ৰতিযোগিতা, নিজক গঢ়ি তোলাত সফল হোৱা মানুহৰ নিজা ইগ', ভৱিষ্যতলৈ এই ব্যৱসায়ৰ সাম্ৰাজ্য আগুৱাই নিবৰ বাবে  এই সমাজৰ স্বতঃসিদ্ধ ৰূপত দ্বায়িত্ব যেন পুত্ৰ সন্তানৰ! 'প্ৰতিভা' থাকক বা নাথাকক, বাপেকৰ সাম্ৰাজ্যৰ অধিকাৰী পুত্ৰই! এই চিন্তা-চেতনাৰ বিপৰীতে এক যোগাত্মক বাৰ্তা ছবিখনে বহন কৰা বুলি অনুভৱ হ'ল। এগৰাকী কন্যা সন্তানে নিজৰ অলংকাৰ বিক্ৰী কৰি আৰম্ভ কৰা ক্ষুদ্ৰ এটা ব্যৱসায়েই তথ্য প্ৰযুক্তিৰ যুগত সফল হৈ দেশৰ ১০গৰাকী প্ৰভাৱশালী মহিলালৈ ৰূপান্তৰিত হোৱাটো সেই নাৰীৰ বাবে প্ৰথম 'সফলতাৰ পথ' নহয়, প্ৰথম উত্তৰদ্বায়িত্ব সঠিক সময়ত পিতৃ-মাতৃৰ মতে বিয়া হৈ সন্তানৰ মাক হোৱাটোহে! এই উদ্যমী তথা ব্যতিক্ৰমী চৰিত্ৰত প্ৰিয়ঙ্কা চোপ্ৰাৰ সফল অভিনয়ে সঁচাই মুগ্ধ কৰিলে।

ৰণবীৰ সিঙে 'গুন্দে' আদি ছবিত কৰা অভিনয়ৰ পাছত এগৰাকী সহানুভূতিশীল ভাতৃ, নিজৰ দুৰ্বলতাক মানি লব পৰা এজন সৰল পুত্ৰৰ ৰূপত কৰা অভিনয়ে তেওঁ যিকোনো চৰিত্ৰকে যে সুনিপুণ ভাৱে ৰূপায়িত কৰিব পাৰে তাকেই প্ৰমাণ কৰিলে। প্ৰিয়ঙ্কা চোপ্ৰাৰ 'মেৰী কম' আৰু ফাৰহান আখতাৰৰ 'ভাগ মিলখা ভাগ'ৰ জৰিয়তে সৃষ্টি হোৱা সাঁচৰ পাছতো কিন্তু বহু-তাৰকাযুক্ত এই ছবিখনত তেওঁলোক অৱকাশ কম থকা স্বত্বেও উজলিয়েই আছে!  মোহময়ী অনুস্কা শৰ্মাই এগৰাকী নিজ মনে ঠিক কৰা সপোনৰ পখিলা খেদা এগৰাকী ছোৱালীৰ ৰূপত অভিনয় কৰিছে। হাতত দুশ ডলাৰ লৈ মনে বিচৰা নৃত্যংগনাৰ কাম কৰি জীৱনৰ আনন্দ লোৱাৰ প্ৰত্যাহ্বান লোৱা এই চৰিত্ৰই সপোন প্ৰয়াসী নৱ-প্ৰজন্মৰ বাবে কষ্ট-অধ্যৱসায়েৰেহে হৃদয়ে বিচৰা বাটৰ যাত্ৰা সফল হোৱাৰ পাঠ দিব পাৰিছে। শিশুৰ নিজা মন আৰু সুপ্ত প্ৰতিভাৰ ওপৰত পিতৃ-মাতৃ প্ৰদত্ত হেঁচা সুলভ সপোনক এক অৰ্থত প্ৰত্যাহ্বান জনাই নিজৰ হৃদয়ে কোৱা পথৰ সন্ধান কৰাৰ দিশ দেখুৱাইছে ছবিখনে।

ব্যৱসায়িক প্ৰত্যাহ্বান তথা সমাজৰ সমুখত ভুৱা সন্মান ৰক্ষাৰ বাবে স্বাৰ্থপৰ হৈ পৰা পিতৃ-মাতৃ আৰু সন্তানে বিচৰা নিজা জগত তথা পথৰ মাজৰ দ্বন্দ্বখিনিও সু্ন্দৰকৈ প্ৰতিফলিত হৈছে। পঢ়া, কেৰিয়াৰ, বিয়া, সন্তান আদি সকলোৰে ক্ষেত্ৰতে যেন অভিভাৱকৰ অভিভাৱকত্বৰ ওপৰত প্ৰশ্নবোধক তুলি ধৰা হৈছে। হৃদয়ে বিচৰা প্ৰেম, জীৱন অথবা পথৰ সন্ধানত নিজ সন্তানৰ সৈতে পিতৃ-মাতৃয়ে সহযোগ কৰিলেই পৰিয়ালৰ সুখ-সন্তোষে পূৰ্ণতা পোৱাৰ এক অনুপম বাণী ছবিখনত গুঞ্জৰিত হৈ থকা বুলি অনুভৱ কৰিলো।

ছবিখনৰ সহ-প্ৰযোজক হিচাবেও নিজৰ অৰিহণা যোগাৱা ফাৰহান আখতাৰে লিখিছে সংলাপো, গাইছে গানো। ৰক-অনৰ যোগেদি বাট মুকলি কৰা ফাৰহানৰ গীতৰ খহটা মানৰ সুৰীয়া অনুভৱো ছবিখনৰ এটি সম্পদেই। পোহনীয়া ভাতৃসুলভ কুকুৰ 'প্লুটো মেহৰা'ৰ দাৰ্শনিক দাৰ্শনিক সংলাপ লিখিছে খোদ জাভেদ আখতাৰ চাহাবে। গীতৰ কথাতো তেখেতৰ অৰিহণাই সোণত সুৱগা চৰাইছে। শংকৰ-এহচান-লয়ৰ সংগীতৰ লহৰে 'য়ে লে বৰী মস্তি চায়ী' ধৰণৰ সঁচা সুখময় আমেজ দিবলৈ দৰ্শকক সমৰ্থ হৈছে। জাভেদ চাহাবৰ দুই পুত্ৰ-কন্যাই নিজা নিজা প্ৰতিভাৰে তেওঁৰ সৃষ্টিশীল লিগেচীক সফল ৰূপত আগুৱাই নিয়াৰ কথাৰ অনুভৱেও ছবিখনৰ মূল বিষয়ৰ সৈতে সংগতি বিচাৰি যাবলৈ মনক উদ্বেলিত কৰেই!

পৰিয়ালকেন্দ্ৰিক সৰল কাহিনীৰে প্ৰেমত পৰি ঘৰ ত্যাগ কৰা এগৰাকী নাৰীও সময়ৰ সতে স্বামীৰ অৱহেলাৰ পাত্ৰী হোৱা, পতিৰ চৰিত্ৰহীনতাৰ কাৰবাৰ দেখিও, লোকলজ্জা, তথা সংসাৰ চলোৱাৰ তাড়ণাত কিমান নাৰীয়ে সকলো সহি যোৱাৰ জলন্ত প্ৰতিচ্ছবিও দেখিবলৈ পালো। 'সৌদাগৰ' ছবিৰ দৰেই অতীতৰ পৰিয়ালৰকেন্দ্ৰিক ঘৃণাৰ ভেঁটিত প্ৰেমৰ ফুল ফুলাৰ বলিউদী ফৰ্মূলাৰো জুতি পোৱা গ'ল ছবিখনত। বিবাহ বাৰ্ষিকী উদযাপনৰ বাবে পৰিয়াল-বন্ধুৰ সৈতে বিশাল বহুতাৰকাযুক্ত বিলাসী জাহাজৰ ক্ৰুইজৰ মাজেৰে পৰিয়ালৰ একোটাৰ ভিতৰৰ মানৱীয় সংঘাত আৰু সংস্কাৰৰ দ্বন্দক খুৱ সুন্দৰকৈ তুলি ধৰি সুস্বাদ্য উপাদেয় কৰি তোলাৰ বাবে নিৰ্মাতা-কলা-কুশলী সকলক আন্তৰিক ধন্যবাদ জনাইছো।

এখন মন-চুই যোৱা, জীৱনৰ গতিক এবাৰ ৰৈ নকৈ ভাবি দিক দিবলৈ মনক উদ্বাওল কৰি তুলিব পৰা এইখন ছবি চাই সন্তোষ লভিলো।জীৱনৰ পৰা হৃদয়ে বিচাৰে কি, সেই অন্বেষণৰ বাবেও মনৰ দুৱাৰ খোলাৰ তাড়ণা দৰ্শকৰ মনত সৃষ্টি কৰিব পৰাটোৱেই আমাৰ দৃষ্টিত ছবিখনৰ সৰ্বোত্তম সফলতা!

No comments:

Post a Comment

Pages